Local, Vocal, Global

গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত কাৰ্যকৰী সমিতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত কাৰ্যকৰী সমিতিয়ে শনিবাৰে সাক্ষাৎ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি নৱনিৰ্বাচিত সমিতিখনে মুখ্যমন্ত্ৰী সোনোৱালৰ হাতত প্ৰদান কৰে এক স্মাৰকপত্ৰ। সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ৰ নেতৃত্বত যোৱা গুৱাহাটী প্ৰেছক্লাৱৰ বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে গুৱাহাটী প্ৰেছ ক্লাৱ আৰু সাংবাদিক-সংবাদ কৰ্মীসকল বছৰ বছৰ ধৰি সন্মুখীন হৈ অহা বহু সমস্যাৰ কথা। মূলত স্থায়ী ভূমি আৰু বিশ্বমানৰ গুৱাহাটী প্ৰেছ ক্লাৱ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতাৰ বাবে অনুৰোধ জনায় দলটোৱে। লগতে সাংবাদিক আৰু সংবাদ কৰ্মীৰ স্বাস্থ্য বীমা সন্দৰ্ভতো অনুৰোধ জনোৱা হয় মুখ্যমন্ত্ৰীক। প্ৰেছ ক্লাৱৰ প্ৰস্তাৱসমূহৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই মুখ্যমন্ত্ৰী সোনোৱালে। শীঘ্ৰে গুৱাহাটী প্ৰেছ ক্লাৱক স্থায়ী ভূমি আৱন্তন আৰু প্ৰেছ ক্লাৱৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী সোনোৱালে। বহু ব্যস্ততাৰ মাজতো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সমিতিখনৰে আলোচনা কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদকে।