গুৱাহাটীৰ চচলস্থিত NCBৰ ক্ষেত্ৰীয় কাৰ্যালয়ত ড্ৰাগচ সন্দৰ্ভত সংবাদমেল

নিউজ ডেস্ক, ১৯ ফ্ৰেব্ৰুৱাৰীঃ শুকুৰবাৰে সোণাপুৰৰ নাজিৰাখাটত দুখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰা নিষিদ্ধ ড্ৰাগচ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে। এই সংবাদমেল সম্বোধন কৰে গুৱাহাটী জোনেল ইউনটৰ আঞ্চলিক সঞ্চালক ৰাকেশ চন্দ্ৰ শুক্লাই।
উল্লেখ্য যে, এই বাহন দুখনৰ পৰা মুঠ ১২.০৪ কেজি মাৰ্ফিন জব্দ কৰা হৈছিল। এই মাৰ্ফিনৰ কোনো বজাৰ মূল্য নাথাকে যদিও কিন্তু ক’লা বজাৰত প্ৰতি কেজিত প্ৰায় ৫০ লাখ টকা। ৬ কোটিৰো অধিক টকাৰ মাৰ্ফিনসহ ৩ জন লোকক আটক কৰে এনচিবি-য়ে। আটক কৰা লোককেইজন হ’ল- আটাউৰ ৰহমান, চুহুদ আহমেদ লস্কৰ আৰু আক্ৰাম হুছেইন চৌধুৰী। ইয়াৰে আটাউৰ ৰহমান কুখ্যাত ড্ৰাগছ মাফিয়া পাখি মিয়াৰ পুত্ৰ।
নাগালেণ্ডৰ ডিমাপুৰৰ পৰা পশ্চিম বংগৰ বঢ়মপুৰলৈ নি থকা অৱস্থাত নাজিৰাখাটৰ টোল গেটৰ তালাচীত জব্দ কৰা হয় মাৰ্ফিনখিনি। ধৃত ড্ৰাগছ মাফিয়া তিনিজনক লৈ হোজাইস্থিত বাসভৱনত তালাচী অভিযান চলাই এনচিবিয়ে।