গনেশকুঁৱৰী চমুৱাপাৰাত একেখন গাঁৱতে ১৬ জনৰ পজিটিভ

ৰাজ্যত প্ৰতিদিনাই দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোনাৰ ব্যাপক সংক্ৰমণ।
অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ।
জিলাখনৰ গনেশকুঁৱৰী গাঁও পঞ্চায়ৰ অধীনৰ চুমুৱাপাৰা গাঁৱত মুঠ ১৬ গৰাকী ব্যক্তিৰ কভিড পজিটিভ ধৰা পৰে ।
৯ জন হোম আইছুলেচনত থকা বিপৰীতে ৭ গৰাকীক কভিদ কেয়াৰ চেন্টাৰত ভৰ্তি কৰা হৈছে বুলি জানিব দিয়ে গাঁওখনৰ গাঁওবুঢ়াই