Local, Vocal, Global

কৰ’না আৰু এটা ভাল খবৰ, চাহাবৰ দেশত ওলাইছে ঔষধ

*কৰ’না বিভীষিকাৰ মাজতে বিশ্ববাসীলৈ সুখবৰ।
*ইংলেণ্ডৰ গৱেষকে আৱিস্কাৰ কৰিলে কৰ’নাৰ ঔষধ।
*কৰ’না সংক্ৰমিত ৰোগীক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব পৰাকৈ আৱিস্কাৰ ‘ডেক্সামেথাচন’।
*ইংলেণ্ডৰ গৱেষক চিকিৎসা বিজ্ঞানীৰ দাবী- ডেক্সামেথাচন শৰীৰত প্ৰয়োগৰ ২৮ দিনৰ পিচতে কৰ’না আক্ৰান্তৰ মৃত্যুৰ সম্ভাৱনা ৩৫% হ্ৰাস পায়।
*মেচিনেৰে ৰোগীক অক্সিজেন দিব লগা পৰ্যায়তো এই ঔষধৰ প্ৰয়োগে ৰোগীৰ মৃত্যুৰ সম্ভাৱনা ২০%লৈ হ্ৰাস কৰে।
*এই ঔষধ খোৱাৰ উপৰি আন ধৰনেও শৰীৰত ব্যৱহাৰ কৰিব পৰা যাব।
*ডেক্সামেথাচন নামৰ ষ্টেৰয়ডবিধে কৰ’না ৰোগীক সুস্থ কৰাৰ লগতে অতি সংকটজনক অৱস্থাৰ পৰা মৃত্যুৰ হাৰ এক-তৃতীয়াংশলৈ হ্ৰাস কৰে বুলি জনাইছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক পিটাৰ হৰ্বেই।
*গৱেষকজনৰ মতে সামান্য পৰিমানে ব্যৱহাৰ কৰি সুফল পাব পৰা অতি সুলভ মূল্যৰ ডেক্সামেথাচন ঔষধ অক্সিজেন লৈ জীয়াই থকা ৰোগীসকলৰ বাবে জীৱনদায়িনী।।