কৰ’নাৰ ভয়াৱহ সংক্ৰমণ, অসমত আক্রান্তৰ সংখ্যা ৫ হাজাৰ অতিক্ৰম

- ৰাজ্যত পাঁচ হাজাৰ অতিক্ৰম কৰিলে কৰ’না আক্ৰান্তৰ সংখ্যাই।
- নিশা নতুনকৈ আক্ৰান্ত ১০২গৰাকীসহ মুঠ আক্ৰান্তৰ সংখ্যা ৫,০০৬ লৈ বৃদ্ধি।
- সংক্ৰমণৰ মাজতে আশাৰ বতৰা৷ অসমত এইপৰ্যন্ত মুঠ আক্ৰান্তৰ ৬১ শতাংশ সুস্থ হৈ উভতিছে ঘৰলৈ
- এইপৰ্যন্ত ৰাজ্যত ৩,০৬৬গৰাকী আৰোগ্য, ১২গৰাকীৰ মৃত্যু।
- মিছামাৰী সেনা চাউনীত ৩৪ জোৱান আক্ৰান্ত।
- গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি গণসংক্ৰমণ।
- মহানগৰীত কৰ’নাত আক্ৰান্ত ৩ চিকিৎসকসহ গোৱাল, ৰিক্সাচালক, বন কৰা মহিলা।
- জিএমচিএইচৰ অধ্যাপক ডাঃ স্মৃতি পাঠক, তেওঁৰ হৃদৰোগ বিশেষজ্ঞ স্বামী ডাঃ ধ্ৰৱজ্যোতি দত্ত, কামাখ্যা গে’টৰ দন্ত চিকিৎসক ডাঃ অনুপম ডেকা কৰ’নাত আক্ৰান্ত।
- মহানগৰীৰ হায়াত হাস্পতালত এগৰাকী, পান্দু-মালিগাঁৱত বেটেলিয়ন জোৱানসহ ৬গৰাকী আক্ৰান্ত।