Local, Vocal, Global

কৰ’নাতংকৰ মাজত এক সুখবৰ : য’দিহে আপোনাৰ ব্লাড গ্ৰুপ O

134

আতংকৰ মাজতে আশাৰ বতৰা । অৱশ্যে এই সুখবৰ সকলোৰে বাবে নহয়
বিশ্বজোৰা কৰ’নাতংকৰ মাজত এক সুখবৰ আপোনাৰ বাবে য’দিহে আপোনাৰ ব্লাড গ্ৰুপ O

কৰ’নাতংকত এতিয়া ত্ৰস্তমান সমগ্ৰ বিশ্ব। ভাৰততো কালৰূপ ধাৰন কৰিছে কৰ’নাই। বৃহস্পতিবাৰৰ দিনটোতে ভাৰতত আক্ৰান্ত হৈছে ৯,৯৯৬ গৰাকী লোক,মৃত্যু হৈছে ৩৫৭ গৰাকীৰ। অসমতো হোৰা হোৰে বাঢ়িছে আক্ৰান্তৰ সংখ্যা। আনলক-১ অত আহি পৰা শিথিলতাৰ মাজত ক্ৰমাৎ স্বাভাৱিক হৈ পৰা জীৱন যাত্ৰাই নমাইছে অধিক আশংকা।

ইয়াৰ মাজতে এটা ভাল খবৰ আনিছে আমেৰিকাৰ এক বায়’কেমিকেল প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানটোৰ অহৰহ গৱেষণাত চিকিৎসা বিজ্ঞানী সকল প্ৰতিয়মান হৈছে কৰ’নাই সহযে আক্ৰমন কৰিব নোৱাৰে আপোনাক,য’দিহে আপোনাৰ তেজৰ গ্ৰুপ O

add3

আমেৰিকাৰ 23 And Me নামৰ প্ৰতিষ্ঠানটোৰ মতে O গ্ৰুপৰ তেজক কৰ’নাই আক্ৰমন কৰাৰ সম্ভাৱনা কিছু ক্ষীণ ৭,৫০,০০০ লোকৰ ওপৰত চলোৱা গৱেষণাত নিশ্চিত হৈছে এই কথা।

চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা চাৰে সাত লাখ লোকৰ ওপৰত গৱেষণা কৰা আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে মে’ মাহত অতিৰিক্ত ১০ হাজাৰ লোকৰ ওপৰত চলাইছিল গৱেষণা।এই দহ হাজাৰ লোকৰ অধিকাংশই আছিল কৰ’নাত জটিলভাৱে আক্ৰান্ত। গৱেষণাকালত বিজ্ঞানী মহলে পালে ,আন তেজৰ ব্যক্তিৰ তুলনাত O গ্ৰুপৰ লোকক কৰ’নাই আক্ৰমন কৰাৰ সম্ভাৱনা ৯ ৰ পৰা ১৮ শতাংশ কম।আনহাতে চিকিৎসাক্ষেত্ৰত জড়িত সকলৰ ক্ষেত্ৰত এই গ্ৰুপৰ লোকক কৰ’নাই আক্ৰমন কৰাৰ সম্ভাৱনা ১৩ ৰ পৰা ২৬ শতাংশ কম।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চিংগাপুৰৰ এক প্ৰতিষ্ঠানে চলোৱা গৱেষণাত O গ্ৰুপৰ তেজত কৰ’না ভাইৰাছৰ আক্ৰমণৰ ক্ষীণ সম্ভাৱনা সন্দৰ্ভত অৱগত হৈছিল।
শেষত গৱেষক সকলৰ পৰীক্ষাত এই ফলাফল পোৱাৰ পিছত আপুনি জানি নিশ্চয় সুখি হ’ব যে, অসমৰ কৰ’না যুঁজত অহোৰাত্ৰী ব্ৰতী হৈ থকা আমাৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰো তেজৰ  গ্ৰুপ  O