Website Design: dastechnologies.in
পুনৰ কংগ্ৰেলৈ উভতিব নেকি জ্যোতিৰাদিত্য সিন্ধীয়া? যোৱা দুই , তিনিদিন এই খবৰে তোলপাৰ লগাই আছিল দেশ। সিন্ধিয়াই নিজেই তেনে বাতৰিৰ সত্যতা নস্যাৎ কৰিলে। কিন্তু তাৰ পিছত পুনৰ সংবাদ শীর্ষত জ্যোতিৰাদিত্য সিন্ধিয়া। পিছে এইবাৰ খবৰ ৰাজনীতিৰ নহয়, এইবাৰ খবৰ ওলাইছে কভিড -১৯ পজিতিভ ধৰা পৰিছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ দেহত ।একেই অৱস্থা তেওঁৰ মাক মাধৱী ৰাজে সিন্ধিয়াৰো। খবৰ মতে দুয়োকে চিকিৎসাৰ বাবে ভৰ্ত্তি কৰোৱা হৈছে দিল্লীৰ এখন চিকিৎসালয়ত। তাৰ লগে লগে আৰম্ভ হৈছে মাতৃ পুত্ৰ দুয়োৰে চিকিৎসা। একাংশ সংবাদ প্ৰতিষ্ঠানৰ খবৰ মতে ৪ দিন পূৰ্বেই দুয়োকে দিল্লীৰ মেক্স হাস্পাতালত ভৰ্ত্তি কৰোৱা হয়।