Website Design: dastechnologies.in
লাগে চাকৰিকে যাওক,তথাপি ক’ভিড চেন্টাৰত কাম নকৰে এজন চৰকাৰী বিষয়াই।
অৱশেষত নিলম্বিত হ’ব লগা হ’ল এইজন নাছোৰবান্দা বিষয়া।
ক’ভিড চেন্টাৰত দায়িত্ব দিয়া হৈছিল নলবাৰীৰ

নলবাৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী পৰিসংখ্যা বিষয়া টুপুল শৰ্মাক।
কিন্তু বাৰম্বাৰ জাননি পোৱাৰ পাছতো এদিনো ক’ভিড চেন্টাৰৰ কৰ্তব্য পালন কৰিবলৈ ন’গল বিষয়াজন।
অৱশেষত নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে চাকৰিৰ পৰা নিলম্বিত কৰিলে বিষয়াজনক।