Local, Vocal, Global

ক’ভিডক লৈ সমগ্র বিশ্বক সকীয়নি ,বিজ্ঞানীৰ

সমগ্র বিশ্বৰ লগতে ব্ৰাজিলকো ক’ভিড ১৯ য়ে এক প্ৰকাৰ পংগু কৰি পেলাইছে।লেটিন আমেৰিকাৰ দেশখনে এতিয়াও ক’ভিডৰ বাবে ভয়াৱহ পৰিস্থিতিৰ লগত তীব্র যুজঁ দি থাকিবলগীয়া হৈছে।এইপৰ্যন্ত ব্ৰাজিলত প্ৰায় ২.৬ লাখ লোকৰ মৃত্যু হৈছে।সমগ্ৰ ব্ৰাজিলত এতিয়া ক’ভিডে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।দেশখনৰ স্বাস্থ্য ব্যৱস্থা এক প্ৰকাৰ ভাগি পৰাৰ উপক্ৰম হৈছে ।বিজ্ঞানী সকলে ব্ৰাজিলৰ ক’ভিডৰ এই সংক্ৰমনাত্মক ৰূপ সমগ্র বিশ্বৰ বাবে এক সকীয়নি বুলি উল্লেখ কৰিছে।