Local, Vocal, Global

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থানৰ পৰা নাম পিছলিল এলন মাস্কৰ..

টেছলাৰ চিইঅ’ এলন মাস্কে ব্যৱসায়ীক কাৰণত এটা দিনৰ ভিতৰতেই ৬.২ বিলিয়ন ডলাৰ হেৰুৱাই । ইয়াৰ পিছতেই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাখনত দ্বিতীয় স্থানত থকা এলন মাস্ক তৃতীয় স্থানলৈ পিছুৱাই অহা বুলি ফৰ্বছে জানিবলৈ দিয়ে । লগতে মাস্কৰ বৰ্তমানৰ মুঠ মূল্য ১৫০.৯ বিলিয়ন ডলাৰ বুলি অনুমান কৰে । উল্লেখযোগ্য যে ফৰাচী কোটিপতি ব্যৱসায়ী বার্নাৰ্ড আৰনাল্ট আৰু পৰিয়ালে ১৫৫.৬ বিলিয়ন ডলাৰ মুঠ মূল্যৰ সৈতে মাস্কৰ স্থান গ্ৰহণ কৰিবলৈ সক্ষম হোৱা বুলিও ফৰ্বছে অৱগত কৰে । এতিয়া টেছলাৰ চিইঅ’ এলন মাস্ক এ পুনৰাই তেখেতৰ স্থান দখল কৰাত সফল হয় নে নহয় সেয়া সকলোৰে বাবে লক্ষণীয় হৈ পৰিছে ।