Website Design: dastechnologies.in
যোৱা ৩ মে’ তাৰিখে কংগ্ৰেছ আধ্যক্ষ ছোনিয়া গন্ধীয়ে ঘোষণা কৰিছিল, লকডাউনৰ বাবে বিভিন্ন ৰাজ্যত আৱদ্ধ লোক সকলক নিজ নিজ ৰাজ্যলৈ যোৱাৰ বাবে বাছ আৰু ৰেলভাড়া দিব কংগ্ৰেছ দলে। সেই ঘোষণা অনুসৰি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰাও লোৱা হৈছে কাৰ্যসূচী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ উদ্যোগত আজি কংগ্ৰেছ কৰ্মী সকলৰ সহযোগত ৫ খন চাৰ্টাৰড বাছেৰে গুৱাহাটী আৰু ওচৰে পাজৰে আৱদ্ধ হৈ থকা প: বংগৰ ১২০ জন লোকক নিজ ৰাজ্যলৈ পঠাই দিয়া হয়। গুৱাহাটী আই এছ বি টিৰ পৰা বিদায় দিয়া হয় এই যাত্ৰী সকলক।