Local, Vocal, Global

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

অহা ১ জুনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ সকলৰ সেৱাৰ বাবে ২০০ খন ৰে’ল মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে। কিন্তু এই ক্ষেত্ৰতো যেন অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি প্ৰকট হৈছে কেন্দ্ৰৰ। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাৰ।

কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কৈছে যে বহি ৰাজ্যত শ্ৰমিক আৰু অন্যান্য কৰ্মসূত্ৰে এতিয়াও প্ৰায় ২০ লাখ লোক আৱদ্ধ হৈ আছে। সেই সকলক গৃহ ৰাজ্যলৈ ঘূৰাই আনিবলৈ অসমলৈ দৈনিক মাত্ৰ ৩ খন ৰে’ল যথেষ্ট নহয়। গতিকে অসমলৈ ৰে’লৰ সংখ্যা বৃদ্ধি কৰিব লাগে।