Local, Vocal, Global

এগৰাকী ৫ বছৰীয়া কণমাণিক ধৰ্ষণ কৰাৰ অভিযোগত এজন ব্যক্তিক মৃত্যুদণ্ড

এগৰাকী ৫ বছৰীয়া কণমাণিক ধৰ্ষণ কৰাৰ অভিযোগত ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এখন বিশেষ POCSO আদালতে বুধবাৰে এজন ব্যক্তিক মৃত্যুদণ্ড বিহিছে।

আৰক্ষীয়ে জনোৱা মতে, ২১ বছৰীয়া ব্যক্তিজনে ১৯ ফেব্ৰুৱাৰীৰ সন্ধিয়া তেওঁৰ ঘৰৰ ওচৰৰ খেতিপথাৰত খেলি থকা এজনী ছোৱালীক অপহৰণ কৰিছিল। এই বিষয়ে খেতিপথাৰত খেলি থকা আন শিশুৱে ছোৱালীজনীৰ মাক-দেউতাকক অৱগত কৰে। তাৰ পাছতে সতৰ্ক হৈ পৰাছিল আৰক্ষী। আৰক্ষীয়ে ঘটনাটোৰ প্ৰায় পাঁচ ঘণ্টা পিছত ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু অভিযুক্তজনক চিনাক্ত কৰি আটক কৰে। আদালতে মঙলবাৰে লোকজনক দোষী সাব্যস্ত কৰে আৰু বুধবাৰে যৌন অপৰাধৰ বাবে শিশু সুৰক্ষা আইন (POCSO) ৰ অধীনত মৃত্যুদণ্ড ঘোষণা কৰে। লগতে আদালতে আৰক্ষীয়ে চলেৱা সফল তদন্তৰ সলাগ লয়।