এগৰাকী মাতৃ কান্দি কান্দি ক’লে “মোক ন্যায় লাগে”—” মোক ন্যায় দিয়ক।”
বটদ্ৰৱাৰ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। কান্দি কান্দি ক’লে
“মোক ন্যায় লাগে”—” মোক ন্যায় দিয়ক।”
বটদ্ৰৱাৰ জাজৰিৰ এগৰাকী মাতৃয়ে বোৱাইছে চকুলোৰ বন্যা। নিজ কন্যাৰ মৃত্যুৰ পিছত কন্যাৰ ন্যায় বিচাৰি কৰিছে আৰ্তনাদ।জীৱিত থকা অৱস্থাত কন্যায় ন্যায় নোপোৱাত কন্যাৰ মৃত্যুৰ পিছতো মাতৃয়ে কান্দি কান্দি বিচাৰিছে ন্যায়।প্ৰকৃততে কি হৈছিল এই দৰিদ্ৰ মাতৃ গৰাকীৰ কন্যাৰ লগত সেয়া শুনিলে আপোনাৰো চকুলো নিগৰিব।
এই মাতৃ গৰাকীৰ একমাত্ৰ কন্যা চুমু বেগমক চাৰি বছৰ পূৰ্বে ৰূপহী অৰুণাৰ আব্দুল আলীৰ পুত্ৰ আবুল হুছেইনৰ লগত হৈছিল বিয়া।বিয়াৰ পিছৰ পৰাই চুমুৰ ওপৰত চলি আছিল মানসিক শাৰিৰীক নিৰ্যাতন ।
তাৰ মাজতেই চুমু এটি পুত্ৰ সন্তানৰ মাতৃও হল।একমাহ পূৰ্বে চুমুৰ আইতাক অসুস্থ হোৱাত স্বামী আবুল হুছেইনে চুমুক বটদ্ৰৱাৰ জাজৰিৰ মাতৃগৃহলৈ লৈ আহে আৰু এক বছৰীয়া পুত্ৰ সন্তানসহ মাতৃগৃহত থৈ যায়।তাৰ দহদিন পিছতেই স্বামী আবুলে আন এগৰাকীক বিয়া পাতে আৰু তাৰ পিছত ন্যায় বিচাৰি চুমুৰ মাতৃয়ে ৰূপহী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ন্যায় বিচাৰি।
তাৰ ১৫দিন পিছতেই চুমুৰ মৃত্যু হয় নিজ কন্যাৰ এনে অকাল মৃত্যুত পৰিয়ালত কান্দোনৰ ৰোল উঠিল। ইয়াৰ পিছত চুমুৰ মাতৃয়ে পুনৰ বটদ্ৰৱা— বড়িবজাৰ আৰক্ষীক অৱগত কৰায় মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি কবৰস্থ কৰে।এই গৰাকী সুন্দৰ – সুঠাম যুৱতী চুমুৰ মৃত্যুৰ বাবে দায়ী আচলতে প্ৰতাৰক স্বামী আবুল হুছেইন বুলি দাবী কৰিছে চুমুৰ পৰিয়ালে।
এই নৰপিশাস আবুলৰ অকথ্য শাৰিৰীক মানসিক নিৰ্যাতন আৰু প্ৰতাৰণাৰ ফলত চুমু শাৰীৰিক আৰু মানসিক ভাবে ভাঙি পৰে আৰু অকাল মৃত্যুক সাৱটি লবলগীয়া হয় ।আচলতে চুমুৰ মৃত্যুৰ বাবে দায়ী কোন ?যি সময়ত চৰকাৰে নাৰী সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়ত নাৰীৰ লগত কৰা
এনে মানৱীয় কাণ্ডৰ বাবে শাস্তি পাবনে এইসকল মানৱ ৰুপী দানৱে ।জীৱিত অৱস্থাত ন্যায় বিচাৰা চুমুৰ মৃত্যুৰ পিছত ন্যায় দিবলৈ সক্ষম হ’বনে চৰকাৰ প্ৰশাসন।বন্ধ হ’বনে অসমত নাৰী নিৰ্য্যাতন। সেয়া হ’ব লক্ষ্যণীয়।