Local, Vocal, Global

উপায়ুক্তৰ কাৰ্যালয় ভৱনত আত্মহনন চাফাই কৰ্মীৰ

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয় ভৱনৰ আৱকাৰী বিভাগৰ কাৰ্যালয়ত অঘটন। আৱকাৰী বিভাগৰ এটা কোঠালীত চিপজৰি লৈ আত্মহত্যা এগৰাকী চাফাই কৰ্মীৰ। ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ দ্বিতীয় মহলাস্থিত আৱকাৰী বিভাগৰ কাৰ্যালয়ত উপস্থিত হোৱা কৰ্মচাৰীসকলে কোঠালীটোৰ দুখন দৰ্জাই ভিতৰৰ পৰা বন্ধ থকা দেখা পাই।  বিভাগৰ কৰ্মচাৰী আৰু লোক উক্ত স্থানত উপস্থিত হৈ দৰ্জা  ভাঙি কোঠালীটোত প্ৰৱেশ কৰে। আৰু কোঠালীটোৰ এখন চিলিং ফেনত ৰচীৰে বান্ধি এগৰাকী চাফাই কৰ্মীয়ে চিপজৰি লোৱা অৱস্থাত থকা প্ৰত্যক্ষ কৰে।

ঘটনাস্থলীত উপস্থিত হোৱা সকলোৰে মাজত হুৱা-দুৱা লাগে আৰু আৰক্ষীক খৱৰ দিয়ে৷ ইতিমধ্যে  ডিঙিত চিপজৰি লোৱা মহিলাগৰাকী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰে চাফাই কৰ্মী জনী অঞ্জু কুমাৰী বুলি চিনাক্ত হয়। মৃত মহিলাগৰাকী দুই সন্তানক মাতৃৰ মহিলাগৰাকীৰ স্বামী যোগিন্দৰ চৌধুৰী পেচাত এগৰাকী যাত্ৰীবাহী অ’টো চালক৷ বৰ্তমানেও চাফাই কৰ্মীৰূপে কৰ্মৰত অঞ্জু কুমাৰীয়ে কিয় আত্মহত্যাৰ পথ বাছি ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।