ইউক্ৰেইনত থকা ভাৰতীয় সকলক উদ্ধাৰৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

নিউজ ডেস্ক,২২ ফ্ৰেব্ৰুৱাৰীঃ ইউক্ৰেইনত থকা ভাৰতীয় সকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ। ইউক্ৰেইনত থকা ভাৰতীয় সকলক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে ভাৰত চৰকাৰে। বিমানযোগে ভাৰতীয় সকলক উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে চৰকাৰে।
ইতিমধ্যে ভাৰতৰ পৰা প্ৰথম খন বিমান ৰাওনা হৈছে ইউক্ৰেইনলৈ। মঙ্গলবাৰে পুৱা ৭.৪০ বজাত ইউক্ৰেইন অভিমুখে ৰাওনা হয় বিমান খন। লগতে আৰু দুখন বিমান ৰাওনা হ’ব ইউক্ৰেইনলৈ। অহা ২৪ আৰু ২৬ ফেব্ৰুৱাৰীত বিমান দুখন ৰাওনা হ’ব ইউক্ৰেইনলৈ।
উল্লেখ্য, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধংদেহী পৰিস্থিতি চলি থকা সময়তে ভাৰতীয় সকলক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।