প্ৰথম কনকলতা বৰুৱা ক্ৰিকেটত ৰেলৱে চেম্পিয়ন

নিউজ ডেস্ক,২২ ফ্ৰেব্ৰুৱাৰীঃ এন এফ ৰেলৱে দলে প্ৰথম কনকলতা বৰুৱা আন্ত:জিলা মহিলা ক্ৰিকেট টুৰ্ণামেণ্টত চেম্পিয়নৰ খিতাপ জয় কৰিছে । অসম ক্ৰিকেট সন্থাৰ দ্বাৰা প্ৰথমবাৰলৈ আয়োজিত প্ৰতিযোগিতাৰ ফাইনেলত ৰেলৱে দলে ১০৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে লখিমপুৰক । আমিনগাঁও ষ্টেডিয়ামত সোমবাৰে এন এফ ৰেলৱে দলে ২০ অভাৰত ৪ উইকেটত কৰে ১৬৫ ৰাণ । দলৰ মণিষা দাসে সৰ্বাধিক ২৫ বলত ৪১, কল্পনা চৌতালে ৩৯, জেনেভি পাণ্ডুৱে ২৬ ৰাণৰ অৱদান যোগায় । প্ৰতিপক্ষৰ মাইনী পায়েঙ আৰু প্ৰিয়ংকা কলিতাই ১ টাকৈ উইকেট লাভ কৰে । প্ৰত্যুত্তৰত লখিমপুৰে ২০ অভাৰত ৫৮ ৰাণতে ইনিংছ সামৰে । মাইনী পায়েঙে ২২ আৰু ঝৰ্ণা মহন্তই ১৩ ৰাণ কৰাৰ বাহিৰে বাকীসকলে ৰাণ কৰিব নোৱাৰিলে । বলিঙত ৰেলৱেৰ হৈ কল্পনা চৌতালে ৩ টা আৰু সূপৰ্ণা সিনহাই ২ টা উইকেট দখল কৰে । বিজয়ী দলৰ মণিষা দাসে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ, কল্পনা চৌতালে ফাইনেলৰ শ্ৰেষ্ঠ, বোকাখাতৰ অৰ্পণা কৰ্মকাৰে শ্ৰেষ্ঠ বলাৰ আৰু নগাঁৱৰ হীৰামণি শইকীয়াই শ্ৰেষ্ঠ বেটছওমেনৰ ট্ৰফী লাভ কৰে । সামৰণিত ট্ৰফীসমূহ বিতৰণ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, যুটীয়া সম্পাদক কামাখ্যা শইকীয়াসহ এপেক্স কাউন্সিলৰ সদস্য নৱ কোঁৱৰ, তাপস চক্ৰৱৰ্তী আৰু শৈবাল সেনগুপ্তাই ।