Local, Vocal, Global

আমিনগাওঁত নতুন ক্ৰিকেট পেভিলিয়ন

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ এটা ভাল খবৰ। কামৰূপ জিলাত গঢ় লৈ উঠিব উন্নতমানৰ পেভিলিয়নযুক্ত এখন ক্ৰিকেট গ্ৰাউণ্ড। কামৰূপ জিলাৰ আমিনগাওঁস্থিত পেৰেড গ্ৰাউণ্ডত নতুনকৈ সংযোগ হব এটা পেভিলিয়ন। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ক্ৰিকেটৰ আন্তঃগাঠনি উন্নিতকৰণৰ পদক্ষেপৰ অন্তৰ্গতৰূপে অসম ক্ৰিকেট সন্থা আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ক্ৰিকেট খেলৰ উপযোগীকৈ আৰম্ভ কৰা প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়া,কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তকে প্ৰমুখ্য কৰি কামৰূপ জিলা প্ৰশাসন আৰু অসম ক্ৰিকেট সন্থাৰ বহুকেইগৰাকী বিষয়-ববীয়া।

অসম ক্ৰিকেট সন্থাই জনোৱা মতে চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহত ক্ৰিকেট খেল অনুস্থিত কৰিব পৰাকৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিব খেলপথাৰৰ লগতে পেভিলিয়ন। উল্লেখ যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ শেষৰপিনে উক্ত পেভিলিয়নৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও লকডাউনৰ বাবেই বন্ধ হৈ পৰিছিল নিৰ্মানকাৰ্য।