Local, Vocal, Global

আজি লালু যাদৱৰ ৭৩ সংখ্যক জন্মদিন, ৭৩ স্থানত জে ডি ইউ ৰ বিক্ষোভ

আজি ৭২ বছৰীয়া জন্মদিন পালন কৰি ৭৩ বছৰত ভৰি দিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে। এই বছৰতে হ’ব বিহাৰৰ বিধানসভা নিৰ্বাচন, গতিকে লালু প্ৰসাদ যাদৱৰ বাবে বিশেষ ৰূপে পৰিগণিত হৈছে এই ৭৩ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত লালু পুত্ৰ তেজস্বী যাদৱে পিতৃৰ সাক্ষাৎ বিচাৰি পাইছেগৈ ৰাচী। ঝাড়খণ্ডৰ ৰাজধানী চহৰখনতে কাৰাবন্দীত্ব অতিবাহিত কৰা লালু যাদৱ যোৱা কিছুদিন ধৰি অসুস্থ। ৰাচীৰ ৰিমছ হাস্পাতালত চিকিৎসাধীন অৱস্থাত আছে। হাস্পাতালতেই পুত্ৰ তেজস্বীয়ে পিতৃক সাক্ষাৎ কৰাৰ লগতে কে’ক কাটি অনুষ্টুপীয়াকৈ পালন কৰে জন্মদিন।পৰিয়ালৰ অন্যান্য সকলৰ সৈতে ভিডিঅ’ কলিঙৰ জৰিয়তে কথা পাতে লালুৱে। ইফালে আৰ জে ডি ৰ প্ৰতিদ্বন্দী জে ডি ইউ ৰ একাংশ সদস্যই চিকিৎসালয়ৰ বাহিৰত পোষ্টাৰ লগাই তেজস্বীৰ ৰাচী আগমনৰ বিৰোধীতা কৰে। লালু যাদৱৰ ৭৩ সংখ্যক জন্ম দিনৰ দিনা জে ডি ইউ সদস্য সমৰ্থকে মুঠ ৭৩ স্থানত লালু যাদৱৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰি সাব্যস্ত কৰে প্ৰতীকী প্ৰতিবাদ।
ইয়াৰ পূৰ্বে তেজস্বীয়ে পিতৃৰ জন্মদিন উপলক্ষে কৰে এক আবেগিক টুইট। লিখিছে দেউতাই কৈছিল সংগ্ৰাম দীঘলীয়া হ’ব, পৰীক্ষা কঠিন হ’ব, কিন্তু বিহাৰৰ বিকাশ আৰু দৰিদ্ৰ সকলৰ সুখৰ বাবে যুঁজিব লাগিব আৰু প্ৰয়োজনত মৰিবও লাগিব।