Website Design: dastechnologies.in
কৰ’নাৰ আতংকৰ মাজতে ৰাজ্যৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বানৰ তাণ্ডৱ। বাঢ়নী পানীৰ কবলত পৰিছে বহু গ্ৰামঞ্চল। এইবাৰ যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ জাঁজীমুখত আৰম্ভ হৈছে বানৰ তাণ্ডব। টীয়কৰ জাঁজীমুখ অঞ্চলত বছৰৰ প্ৰথমটো বাঢ়নী বুৰাই পেলাইছে বহু অঞ্চল। পানীত বুৰ গৈছে বহু ঘৰ । বুধবাৰে সন্ধিয়াৰ পৰা বাঢ়ি অহা পানীয়ে বিস্তৰ কৃষি ভূমি বুৰাই পেলাইছে। মানুহৰ লগতে গৰু মহ আদিৰ বাবে এতিয়া সংশয় নামি আহিছে। বহু গোৱালে এতিয়া গৰু মহ আদিবোৰ খুঁটিৰ পৰা স্থানান্তৰ কৰাৰ বাবে ব্যস্ত হৈ পৰিছে। জাঁজীমুুুখ অঞ্চলত প্ৰতি বছৰে বাৰিষাৰ সময়ত বানৰ তাণ্ডৱ চলি আহিছে। বিপৰীতে বছৰ বছৰ ধৰি চৰকাৰী সাহায্য আৰু পুনঃসংস্থাপন আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে জাঁজীমুখৰ ৰাইজ।