Local, Vocal, Global

অৰুণাচলত ধাৰাসাৰ বৰষুণ, ধেমাজিত বাঢ়নী পানীৰ তাণ্ডৱ

অৰুণাচল প্ৰদেশৰ পাহাৰত নেৰা-নেপেৰা বৰষুণৰ ফলত প্ৰলয়ংকৰী বানৰ সৃষ্টি হৈছে ধেমাজিত। জীয়াঢল নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জিলাখনৰ উজনি-নামনিকে ধৰি শতাধিক গাঁও। পানীৰ তলত ঘৰ-বাৰী, খেতি-পথাৰ। হাহাকাৰ বানাক্ৰান্ত ৰাইজৰ। বানপানীৰ বাবে ঘৰত থাকিব নোৱাৰি আশ্ৰয় শিবিৰত থাকিব লগা হৈছে কেকুৰী, দিহিৰি আৰু তিনিঘৰীয়া গাঁৱৰ ৪৫ টা পৰিয়াল। নিজ ঘৰ এৰি জীয়াঢল মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে বন্যাৰ্ত জনতা।