Local, Vocal, Global

অৱশেষত সেনা নামিল বাঘজানত

প্ৰায় ১৫ বছৰ পূৰ্বে ডিকম তৈল খাদত লগা জুই নিৰ্বাপিত হ’বলৈ সময় লাগিছিল প্ৰায় ৪৫ দিন। আৰু যোৱা ৯ জুনৰ দিনা বাঘজানৰ তেল খাদত এক বিস্ফোৰণৰ ফলত জুই লগা ঘটনাৰ আজি ১১ দিন হ’ল। জুই কিছু কমিছে যদিও বিপদ এতিয়াও আঁতৰ হোৱা নাই। ইতিমধ্যেই বাঘজানৰ জুয়ে সংহাৰৰ সৃষ্টি কৰিছে অঞ্চলটোত। অইলৰ দুজনকৈ কৰ্মচাৰীয়ে হেৰুৱাইছে প্ৰাণ। কাৰ্যতঃ জুই নিৰ্বাপন কৰাত সফল হ’ব পৰা নাই ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞও। এতিয়া সকলোৰে উঠকণ্ঠা কেতিয়া নুমাব বাঘজানৰ জুই। এই উঠকণ্ঠৰ মাজতে আজি বাঘজানত উপস্থিত হৈছেহি ভাৰতীয় সেনাৰ এটা দল। ৰবৰৰ নাও লৈ সেনাৰ দলটোৱে প্ৰথমে পানীৰে আগবাঢ়িছে জুইকুৰাৰ ফালে। যেন লাডাখ সীমান্তৰ দৰেই বাঘজানৰ জুইৰ বিৰুদ্ধে এয়া ভাৰতীয় সেনাৰ ৰণচালি। এতিয়া সকলোৰে চকু সেনাৰ এই দলটোৰ ওপৰত।