Local, Vocal, Global

কৰ’নাৰ ভয়াৱহ সংক্ৰমণ, অসমত আক্রান্তৰ সংখ্যা ৫ হাজাৰ অতিক্ৰম

  • ৰাজ্যত পাঁচ হাজাৰ অতিক্ৰম কৰিলে কৰ’না আক্ৰান্তৰ সংখ্যাই।
  • নিশা নতুনকৈ আক্ৰান্ত ১০২গৰাকীসহ মুঠ আক্ৰান্তৰ সংখ্যা ৫,০০৬ লৈ বৃদ্ধি।
  • সংক্ৰমণৰ মাজতে আশাৰ বতৰা৷ অসমত এইপৰ্যন্ত মুঠ আক্ৰান্তৰ ৬১ শতাংশ সুস্থ হৈ উভতিছে ঘৰলৈ
  • এইপৰ্যন্ত ৰাজ্যত ৩,০৬৬গৰাকী আৰোগ্য, ১২গৰাকীৰ মৃত্যু।
  • মিছামাৰী সেনা চাউনীত ৩৪ জোৱান আক্ৰান্ত।
  • গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি গণসংক্ৰমণ।
  • মহানগৰীত কৰ’নাত আক্ৰান্ত ৩ চিকিৎসকসহ গোৱাল, ৰিক্সাচালক, বন কৰা মহিলা।
  • জিএমচিএইচৰ অধ্যাপক ডাঃ স্মৃতি পাঠক, তেওঁৰ হৃদৰোগ বিশেষজ্ঞ স্বামী ডাঃ ধ্ৰৱজ্যোতি দত্ত, কামাখ্যা গে’টৰ দন্ত চিকিৎসক ডাঃ অনুপম ডেকা কৰ’নাত আক্ৰান্ত।
  • মহানগৰীৰ হায়াত হাস্পতালত এগৰাকী, পান্দু-মালিগাঁৱত বেটেলিয়ন জোৱানসহ ৬গৰাকী আক্ৰান্ত।