অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল ঢেকীয়াজুলি

- শোণিতপুৰৰ ঢেকীয়াজুলিত অখিল গগৈৰ মুক্তিৰ দাবীত অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনাৰ উদ্যোগত মানৱ শৃংখল ।
- প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷
- অখিল গগৈক মুক্তি দিয়ক , সৰ্বা – হিমন্ত হুচিয়াৰ , বিজেপি চৰকাৰ গ’ বেক ইত্য়াদি শ্লোগানেৰে ঢেকীয়াজুলিৰ আকাশ-বতাহ কঁপাই তোলে ।
- ঢেকীয়াজুলি আছুৰ সভাপতি শংকৰ দাসকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকি নিজৰ বক্তব্যত ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷