Local, Vocal, Global

5 Chinese Nationals Killed In Suicide Bomb Attack : পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণ;নিহত ৫জন চীনা নাগৰিকৰসহ এজন পাকিস্তনী নাগৰিক

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬মাৰ্চ : পুনৰ পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণ। উত্তৰ পশ্চিম পাকিস্তানৰ চাংলাৰ বেশান চহৰত সংঘটিত হয় বোমা বিস্ফোৰণ(5 Chinese Nationals Killed In Suicide Bomb Attack )।

এই আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত পাঁচজন চীনা নাগৰিকৰ লগতে এজন পাকিস্তনী নাগৰিক নিহত হয়। এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এই ভয়ংকৰ ঘটনা সন্দৰ্ভত আঞ্চলিক আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে , ইছলামবাগৰ পৰা দছুৰ শিবিৰলৈ যোৱাৰ পথত চীনৰ অভিযন্তাৰ কনভয়ত বিস্ফোৰক ভৰ্তি বাহন এখনে খুন্দা মৰাৰ ফলত এই বিস্ফোৰণ ঘটনাটো সংঘটিত হয়(Five Chinese nationals killed in suicide bomb attack in Pakistan)।

পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এই আক্ৰমণক গৰিহণা দি কয় যে, “পাকিস্তানৰ প্ৰতি শত্ৰুতা থকা শক্তিসমূহে পাকিস্তান-চীনৰ বন্ধুত্বৰ ক্ষতি কৰাত কেতিয়াও সফল নহ’ব।”

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত তেওঁ চীনা নাগৰিকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। বৈদেশিক মন্ত্ৰী ইছাক দাৰেও এই আক্ৰমণক গৰিহণা দিয়ে আৰু কয় যে দেশখনে উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰতিশোধমূলক যুঁজ অব্যাহত ৰাখিব।

লগতে পঢ়ক : Zubin Garg’s press conference at Dispur Press Club :‘এইবাৰ বিহুত গান নাগাওঁ,নাচিম হে’-জুবিন গাৰ্গ