Local, Vocal, Global

ক্ষোভিত নেকি জুবিন, কিয় কৰিলে এই মন্তব্য?

ৰাজ্যত তুংগত উঠিছে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বতাহ। নেতা-মন্ত্ৰী-বিধায়কৰ সমান্তৰালকৈ নিৰ্বাচনৰ বাবে সাজু ৰাজ্যৰ শিল্পী সমাজ। শেহতীয়াকৈ ৰাজনীতিৰ পথাৰত খোজ দিছে ইজনৰ পিছত সিজনকৈ সাংস্কৃতিককৰ্মী। গায়ক-গায়িকাৰ পৰা আদি কৰি ধাৰাবাহিকৰ অভিনেতা-অভিনেত্ৰীলৈ সকলো ৰাজনীতিৰ বেশ পৰিধানত ব্যস্ত।
সাংস্কৃতিককৰ্মীৰ ৰাজনীতিৰ বসন পিন্ধাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত শিল্পী জুবিন গাৰ্গৰ। ফেচবুক পোষ্টৰ জৰিয়তে জুবিন গাৰ্গে একপ্ৰকাৰ ব্যক্ত কৰে মনৰ ক্ষোভ। জুবিন গাৰ্গে আৰ্টিষ্ট ইলেভেনত নিষিদ্ধ কৰিলে ৰাজনীতিৰ লগত জড়িত লোকক। লগতে জুবিন গাৰ্গে মন্তব্য কৰে যে নতুনকৈ নিৰপেক্ষ লোকৰ সৈতে পুনৰ গঠন হ’ব আৰ্টিষ্ট ইলেভেন। সাম্যবাদীৰ আদৰ্শৰ লোকেহে স্থান পাব জুবিন গাৰ্গৰ আৰ্টিষ্ট ইলেভেনত।