জুবিন গাৰ্গ চিকিৎসালয়ত ভৰ্তি

অসম বিখ্যাত তাৰকা গায়ক জুবিন গাৰ্গক বৃহস্পতিবাৰে নিশা আয়ুসুন্দ্ৰ চুপাৰস্পেচিয়েলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
সূত্ৰঅনুসৰি, জুবিন গাৰ্গ আগদিনাৰ পৰাই উচ্চ ৰক্তচাপত ভুগি আছিল। জুবিনক বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৪৫ বজাত আয়ুসুন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু বৰ্তমান তেওঁৰ পত্নীৰ সৈতে চিকিৎসালয়ত আছে।
ইচিজি আৰু তেজ পৰীক্ষা কৰা হৈছে আৰু চিকিৎসকসকলে কৈছে যে জুবিন এতিয়া সংকটজনক পৰ্যায়ৰ পৰা মুক্ত, চিন্তাৰ কাৰণ নাই।
জুবিন গাৰ্গে অসমৰ জনসাধাৰণক তেওঁৰ স্বাস্থ্যৰ বিষয়ে চিন্তা নকৰিবলৈ আহ্বান জনাইছিল কিয়নো তেওঁ এতিয়া ভাল।
সূত্ৰঅনুসৰি, জুবিন গাৰ্গৰ চিকিৎসাৰ বাবে এক বিশেষ চিকিৎসা দল গঠন কৰা হৈছে।
আৰু কেইটামান পৰীক্ষা বাকী থকা অৱস্থাত, জুবিনক কাইলৈ, শনিবাৰে ঘৰলৈ যাবলৈ অনুমতি দিয়া হ’ব।