Local, Vocal, Global

জুবিন গাৰ্গক আক্ৰমণৰ পিছতে তৎপৰ অসম চৰকাৰ

শিল্পী জুবিন গাৰ্গক আক্ৰমণৰ পিছতে তৎপৰ অসম চৰকাৰ। অসম চৰকাৰে জুবিন গাৰ্গৰ সুৰক্ষাৰ বাবে নিয়োগ কৰিলে চাৰিগৰাকীকৈ প্ৰশিক্ষণপ্ৰাপ্ত দেহৰক্ষী। এতিয়াৰে পৰাই জুবিন গাৰ্গৰ সুৰক্ষাত নিয়োজিত হ’ব এই চাৰিজন দেহৰক্ষী।
বুধবাৰে নিশা মহানগৰীত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল শিল্পীগৰাকী। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণত জড়িত থকা NSUIকৰ্মী হীৰকজ্যোতি ৰাজবংশীক।