৪৬বছৰীয়া পৰ্বতাৰোহী ঝাং হাঙে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে

৪৬বছৰীয়া পৰ্বতাৰোহী ঝাং হাঙে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউন্ট এভাৰেষ্ট জয় কৰিলে।এই জয়েৰে তেওঁ এছিয়াৰ প্ৰথমজন মাউণ্ট এভাৰেষ্ট জয়ী অন্ধ ব্যক্তি হৈ উঠিল।তেওঁ এইক্ষেত্ৰত এছিয়াৰ প্ৰথম আৰু বিশ্বৰ ভিতৰত তৃতীয়গৰাকী অন্ধ পৰ্বতাৰোহী হিচাপে অভিলেখ গঢ়িলে।ঝাং হং এভাৰেষ্ট জয় কৰা পৃথিৱীৰ তৃতীয়গৰাকী অন্ধ ব্যক্তি।ঝাঙৰ জন্ম চীনৰ দক্ষিণ-পশ্চিমৰ চাংকুয়াঙত হৈছিল।তেওঁ ২১ বছৰ বয়সত গ্লুকোমাৰ বাবে অন্ধ হৈছিল।২০০১ চনত এবাৰেষ্ট জয় কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্ধ পৰ্বতাৰোহী এৰিক উইহেনমায়াৰক দেখি অনুপ্ৰাণিত হৈছিল ঝৃ হাং।ঝাং হঙে নেপালৰ পৰা মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল।২৪ মে’ত ঝাঙে ৮,৮৪৯ মিটাৰ ওখ এভাৰেষ্টত থিয় হৈছিল