Local, Vocal, Global

YSRCPৰ “আজীৱন সভাপতি” নিৰ্বাচিত হৈছে Y S Jagan Mohan Reddy

নিউজ ডেস্ক, ৯ জুলাই : অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী Y S Jagan Mohan Reddy  YSRCPৰ “আজীৱন সভাপতি” নিৰ্বাচিত হৈছে।

শনিবাৰে দলৰ সংবিধান সংশোধনৰ পিছত Yuvajana Shramika Rythu Congress Partyৰ দুদিনীয়া পূৰ্ণাংগ সভাৰ সমাপ্তিৰ দিনটোত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।

কিছুদিন পূৰ্বে ৱাইএছ জগন মোহন ৰেড্ডীৰ মাতৃ ৱাইএছ বিজয়ম্মাই কৈছিল যে তেওঁ তেলেংগানাত তেওঁৰ জীয়েক ৱাইএছ শৰ্মিলাক সহায় কৰিবলৈ YSRCPৰ সন্মানীয় সভাপতি হিচাপে তেওঁৰ ভূমিকাৰ পৰা আঁতৰি যোৱাৰ কথা ভাবি আছে।

উল্লেখ্য যে, জগন মোহন ৰেড্ডীয়ে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিছত ২০১১ চনৰ মাৰ্চত ৱাইএছআৰচিপি গঠন কৰিছিল আৰু দলৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল আৰু তেওঁৰ মাতৃ বিজয়ম্মা সন্মানীয় সভাপতি আছিল।

YSRCPয়ে এতিয়া ভাৰতীয় নিৰ্বাচন আয়োগক (ECI) প্ৰেৰণ কৰিব যে তেওঁলোকে ৰেড্ডীক তেওঁৰ জীৱনকালৰ বাবে YSRCPৰ সভাপতি হিচাপে নিৰ্বাচনৰ বাবে ইয়াৰ সংবিধান সংশোধন কৰিছে।