গৌৰাং নদীত পুনৰ অঘটন

নিউজ ডেস্ক, ৯ জুলাই : অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত গৌৰাং নদীত পুনৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা ।
গৌৰাং নদীত সন্ধানহীন বিলাসীপাৰা মহাবিদ্যালয়ৰ দুজন ছাত্ৰ ।
সন্ধানহীন যুৱক দুজনক BSC দ্বিতীয় ছেমিষ্টাৰৰ ছাত্ৰ জগদীশ নাথ আৰু BA দ্বিতীয় ছেমিষ্টাৰৰ ছাত্ৰ গোপেশ নাথ বুলি চিনাক্ত কৰা হৈছে ।
খবৰ অনুসৰি, শনিবাৰে উদমাৰীত ল’ৰা দুজনে তেওঁলোকৰ বন্ধুৰ এটা দলৰ সৈতে নদীত গা ধুবলৈ গৈছিল।
মৃত ল’ৰাদুজনৰ বন্ধুবৰ্গৰ মতে, গোপেশ নামৰ যুৱকজন গা ধোৱাৰ সময়ত নদীৰ তীব্ৰ প্ৰবাহৰ দ্বাৰা উটি গৈছিল। আৰু বন্ধুক বচাবলৈ চেষ্টা কৰি জগদীশে পানীত জপিয়াইছিল কিন্তু তেওঁও নদীৰ সোঁতৰ দ্বাৰা উটি গৈছিল।
মৃত দুয়োজন ল’ৰা বিলাসীপাৰাৰ গোপিগাওঁৰ বাসিন্দা।
আনহাতে, Lakhmiganj আৰক্ষীৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি দলে (SDRF) মৃত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰৰ বাবে তালাচী অভিযান চলাই আছে।