ভূমি সংঘাতত জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে

নিউজ ডেক্স ,১৮জুলাই : গোৱালপাৰাত এক নৃশংস হত্য়াকাণ্ড জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে।
গোৱালপাৰাৰ লক্ষীপুৰৰ সোনামুই গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা ।
লক্ষীপুৰ থানাৰ অন্তৰ্গত সোনামূই গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল মান্নান আকন্দ আৰু কনিষ্ঠ ভাতৃ আব্দুল খায়েৰৰ মাজত দীৰ্ঘদিন ধৰি ভূমি কেন্দ্ৰীক সংঘাত চলি আছিল।
আৰু এই ভূমি সংঘাতেই কাল হল দুই ভাতৃৰ । আজি পুৱাৰ ভাগত জেষ্ঠ্য ভাতৃ আব্দুল মান্নান আকন্দ আৰু কনিষ্ঠ ভাতৃ আব্দুল খায়েৰৰ মাজত ভূমিক লৈ কাজিয়াৰ সূত্ৰপাত হয় ।
যাৰফলত দুয়ো ভাতৃৰ মাজত হতাহতি হয়। যত জেষ্ঠ্য ভাতৃ আব্দুল মান্নানই কনিষ্ঠ ভাতৃ আব্দুল খায়েৰক আক্ৰমন কৰে ।
আব্দুল মান্নান আকন্দৰ আক্ৰমণত আব্দুল খায়েৰ গুৰুতৰভাৱে আহত হৈ ঘটনা স্থলিতেই ঢলি পৰে ।
ততাতৈয়াকৈ পৰিয়ালৰ লোক আৰু স্থানীয় লোকে আব্দুল খায়েৰক লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও হাস্পতালত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । হত্যাকাৰী আব্দুল মান্নান আকন্দ আৰু হত্যাকাণ্ডত জড়িত অন্য সকলকো কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে।