Local, Vocal, Global

ডিঙি কটা অৱস্থাত নৈ পাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ!

ডিজিটেল ডেস্ক:- সোমবাৰ পুৱাৰ ভাগত চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত শালঝোৰা কুজীয়া নৈ পাৰত ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ । স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

জানিব পৰা মতে, মৃতদেহটো কাজলগাঁও থানাৰ অন্তৰ্গত শালঝোৰা গাঁৱৰ তাৰা মিঞাৰ বিবাহিত পুত্ৰ জাবেদ আলী (৪০) বুলি জানিব পৰা যায়। মৃতদেহত তথা ডিঙিত আঘাতৰ চিন দেখি পৰিয়ালৰ লোকৰ সন্দেহ জাবেদ আলীক কোনোবাই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে ।

জাবেদ আলীৰ পিতৃয়ে জানিবলৈ দিয়া মতে বিবাহিত তথা তিনি সন্তানৰ পিতৃ জবেদ আলী দেওবাৰ সন্ধিয়া সাত বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল জাবেদ আলী। পৰিয়ালৰ লোকে বিচাৰি আছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল । আজি দুৰ্ভাগ্যজনক ভাৱে জাবেদ আলীৰ মৃতদেহ উদ্ধাৰ হয় শালঝোৰা কুজীয়া নৈত।

ঘটনাস্থলীত ঢালিগাঁও থানাৰ আৰক্ষীৰ উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।