Local, Vocal, Global

বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা !

ডিজিটেল ডেস্ক:- দৈনিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা।সোমবাৰে পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ।এইবাৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা।বহিঃৰাজ্যত সুৰক্ষিত নহয় যেন অসমৰ যুৱক।বহিঃৰাজ্যত অসমৰ যুৱকক কোৰেৰে মৰিয়াই মৰিয়াই নৃশংস হত্যা ।হায়দৰাবাদৰ এটা কোম্পানীত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।
জানিব পৰা মতে হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত আছিল টংকেশ্বৰ বৰা।অভিযোগ অনুসৰি, বিহাৰৰ এজন ছিকিউৰিটী গাৰ্ডে হত্যা কৰে টংকেশ্বৰক। হায়দৰাবাদ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে হত্যাকাৰীক। কি কাৰণে হত্যা কৰিছে জানিব পৰা হোৱা নাই।আৰক্ষীৰ তদন্ত পিছত হে পোহৰলৈ আহিব।