Ye hum hain. Yeh Humari Car hain. aur yaha pawri chal rahi hain… চচিয়েল মিডিয়াৰ এই ট্রেণ্ড ফল’ কৰিলে দিল্লী আৰক্ষীয়ে ।
দিল্লী আৰক্ষীয়ে দেওবাৰে চহৰখনৰ ৰাজোৰী গাৰ্ডেন অঞ্চলৰ এখন ৰেষ্টুৰেণ্ট কম বাৰ (restaurant-cum-bar)ত অভিযান চলাই ২৪টা হোকা (Hookah) জব্দ কৰে । জব্দ কৰা হোকাৰ ছবিৰে দিল্লী আৰক্ষীয়ে বিশেষ ট্রেণ্ডটি ফল’ কৰি সেই হোকা কেইটাৰে এতিয়া পাৰ্টি কৰা ন’হব বুলি সম্পূৰ্ণ ব্যংগাত্মকভাৱে টুইটাৰত শ্বেয়াৰ কৰে । লগতে কিছুমান পাৰ্টি কেৱল নিজৰ স্বাস্থ্যৰ কাৰণেই হানিকাৰক নহয় ই অবৈধ বুলিও বি:দ্ৰ: হিচাপত সকীয়নী দিয়ে ।