Local, Vocal, Global

WWF Pro-AM Universe Championshipত সোণৰ পদক লাভ অসমৰ কুশল কলিতাৰ

নিউজ ডেস্ক, ২৬ জুলাই : WWF Pro-AM Universe Championshipত ভাৰতৰ প্ৰতিনিধি, অসমৰ কুশল কলিতাই পুৰুষৰ bodybuildingত সোণৰ পদক লাভ কৰে।

১৬ জুলাইত থাইলেণ্ডৰ বেংককত আয়োজন কৰা চেম্পিয়নশ্বিপত কলিতাই পুৰুষৰ শ্ৰেণীত স্বৰ্ণ লাভ কৰিছিল।

ইতিমধ্যে তেওঁ লাভ কৰা পদকবোৰ হৈছে ২০২১ চনত শ্ৰীযুত কামৰূপ সামগ্ৰিক চেম্পিয়ন (Mr. Kamrup overall champion ) , একে বছৰতে শ্ৰীযুত অসম সামগ্ৰিক চেম্পিয়ন ( Mr. Assam overall champion) , ২০২২ চনত শ্ৰীযুত ইষ্ট ইণ্ডিয়া গোল্ড (Mr. East India Gold ) আৰু ২০২২ চনত শ্ৰীযুত গুৱাহাটী সামগ্ৰিক চেম্পিয়ন (Mr. Guwahati overall champion )।

তদুপৰি, তেওঁ এই বছৰ থাইলেণ্ডত ৭০ কিলোগ্ৰাম শ্ৰেণীত শ্ৰীযুত ইউনিভাৰ্ছ গোল্ড (Mr. Universe Gold) জয় কৰিছিল।