আজি অনুষ্ঠিত হৈছে গ্ৰেড ৩ চালক পদৰ বাবে লিখিত পৰীক্ষা
নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : আজি ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ লিখিত পৰীক্ষাৰ তৃতীয় আৰু অন্তিম দিন। ৰাজ্যত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ লিখিত পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি চলি থকা চৰ্চাৰ মাজতে আজি অনুষ্ঠিত হৈছে গ্ৰেড ৩ চালক পদৰ বাবে লিখিত পৰীক্ষা।
দেওবাৰে সমগ্ৰ ৰাজ্যখনৰ ৮৭ টা কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ২ বজাৰ পৰা আবেলি ৪ বজালৈ ৬০০০ পৰীক্ষাৰ্থীৰ গ্ৰেড ৩ চালক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে।
আজি পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।
অৱশ্যে, আগৰ দুটা পৰীক্ষাৰ বিপৰীতে, আজি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা স্থগিত কৰা হোৱা নাই।
শিক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন নিবলৈ অনুমতি দিয়া নহয়। ইয়াৰ উপৰিও, প্ৰাৰ্থীসকলক কোনো ইলেক্ট্ৰনিক সামগ্ৰী যেনে স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, বৈদ্যুতিক স্কেনাৰ, ব্লুটুথ ডিভাইচ, মাইক্ৰ’ফোন আদি কঢ়িয়াবলৈ অনুমতি দিয়া হোৱা নাই।