ৰাণীৰ শেষ বিদায়ত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেন
নিউজ ডেস্ক, ১০ ছেপ্তেম্বৰ : ৰাণী দ্বিতীয় এলিজাবেথৰ শেষ বিদায়ৰ কাৰ্যসূচীত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেন।
আজি সাংবাদকিক সম্বোধন কৰি বাইদেনে কয় যে মই এতিয়ালৈকে কাৰ্যসূচীৰ সবিস্তাৰৰ বিষয়ে অৱগত নহয়। কিন্তু মই ব্ৰিটেইনত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিম। উল্লেখ্য যে, ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিন ধাৰ্য্য কৰা হোৱা নাই। ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব পাৰে চৰ্চা চলিছে।
বাইদেনে সাংবাদিকক আৰু কয় যে ৰাণী দ্বিতীয় এলিজাবেথৰ পুত্ৰ ৰজা তৃতীয় চাৰ্লছৰ সৈতে কথা পতা নাই। মই তেওঁক চিনি পাওঁ। কিন্তু আমি এতিয়ালৈকে কথা পতা নাই।
বৃহস্পতিবাৰে ৰাণী এলিজাবেথৰ মৃত্যু হয়। বয়স আছিল ৯৬ বছৰ। ৰাণীৰ মৃত্যুত সমগ্ৰ ব্ৰিটেইন শোকাহত হৈ পৰিছে। ভাৰতে কাইলৈ ৰাষ্ট্ৰীয় শোক পালন কৰিব।