অসম ৰাইফলছ জোৱানৰ নিকৃষ্ট কাৰ্য্য
নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰ : অসমৰ কাছাৰ জিলাৰ শিলচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ব্যক্তিয়ে তেওঁৰ পত্নী আৰু জীয়েকক ডিঙি কাটি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।
হত্যাকাৰীজনক শ্ৰীকোনা (Srikona) অসম ৰাইফলছত কনিষ্টবল হিচাপে কৰ্মৰত ৰবীন্দ্ৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, শুক্ৰবাৰে কুমাৰৰ বাসগৃহত সংঘটিত হৈছিল ভয়ংকৰ হত্যাকাণ্ডটো।
আৰক্ষীৰ বাতৰি অনুসৰি, পৰিয়ালৰ সংঘৰ্ষৰ ফলত সংঘটিত হোৱা হাতাহাতিৰ পিছত লোকজনে তেওঁৰ পত্নী আৰু জীয়েকৰ ডিঙি কাটি পেলাইছিল।
মৃত মহিলাগৰাকীক মনিকা ডোগ্ৰা আৰু তেওঁৰ জীয়েকক ৰিদ্ধি বাদগল (১১) বুলি চিনাক্ত কৰা হৈছে।
হত্যাকাৰী ৰবীন্দ্ৰক সম্প্ৰতি শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।