কাৰ্গিল যুদ্ধত অংশগ্ৰহণকাৰী সেনা জোৱানক ব্যাপক আদৰণি কোকৰাঝাৰৰ সাধাৰণ ৰাইজৰ
নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰ : ভাৰতীয় সেনাবাহিনীৰ প্ৰতি সাধাৰণ ৰাইজৰ হৃদয়ত সদায়ে সন্মান আৰু সদ্ভাৱে গঢ় লয়। ভাৰতীয় সেনাবাহিনীৰ প্ৰতি থকা সন্মান আৰু সদ্ভাৱ আজি প্ৰমান কৰি দেখুৱালে কোকৰাঝাৰৰ সাধাৰণ ৰাইজে ।
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ডিয়াঝিজিৰী (Diajijiri) গাঁৱৰ বাসিন্দা সুৰেশ চন্দ্ৰ নাথ সূদীৰ্ঘ ২৬ বছৰ সেনাবাহিনীত চাকৰি কৰাৰ পিছত যোৱা ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে । অন্তিম কৰ্মথলী ৰাজস্থানৰ পৰা অৱসৰ কৰাৰ পিছত আজি স্বগৃহ কোকৰাঝাৰৰ ডিয়াঝিজিৰী গাঁৱত উপস্থিত হয় ।
কেবাখনো গাঁৱৰ ৰাইজে সুৰেশ চন্দ্ৰ নাথক বালাগাঁওৰ জেডি পথতে বিপুল আদৰণি জনাই তাৰ পৰা প্ৰায় দুই কিলোমিটাৰ ৰাস্তা বৃহৎ সমদলেৰে , নাচি -বাগি , বেণ্ড বজাই ,ফটকা ফুটাই ঘৰলৈকে আদৰি নিয়ে ।
মহিলা সকলে নাথ -যোগীৰ জনগোষ্ঠীৰ সাজ পৰিধান কৰি অতি উৎসাহেৰে অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ হাবিলদাৰ সুৰশ চন্দ্ৰ নাথক আদৰি নিয়ে ।
সূদীৰ্ঘ ২৬ বছৰে দেশমাতৃৰ সেৱা কৰি অৱসৰ লোৱা সুৰেশ চন্দ্ৰ নাথে কাৰ্গিল যুদ্ধতো অংশগ্ৰহণ কৰিছিল । দেশৰ বিভিন্ন প্ৰান্তত দেশমাতৃৰ হৈ সেৱা আগবঢ়োৱা সুৰেশ চন্দ্ৰ নাথে ১৯৯৬ চনৰ ২৯ আগষ্টত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল আৰু সেনাবাহিনীৰ ৬১৬ নং Electric Mechanic Engineer (EME) বেটেলিয়নৰ পৰা অৱসৰগ্ৰহণ কৰে ।
আনহাতে, ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত হাবিলদাৰ সুৰশ চন্দ্ৰ নাথে আজি সংবাদমাধ্যমৰ আগতে ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াব পোৱাটো সৌভাগ্যৰ কথা বুলি কৈ প্ৰতিটো পৰিয়ালৰ কমেও এগৰাকী সদস্যই ভাৰতীয় সেনাবাহিনীত যোগদান কৰা উচিত বুলি মন্তব্য কৰে । তেওঁক অঞ্চলটোৰ ৰাইজে স্বতৰ্স্ফূতভাৱে আদৰণি জনোৱাত সকলোৰে প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে ।