Local, Vocal, Global

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ স্থগিত, লাভলীনাৰ যোগ্যতাক প্রত্যাহ্বান

ইস্তানবুলত অহা ৪–১৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ ২০২২ৰ মার্চলৈ স্থগিত ৰখা হৈছে ৷ বিশ্ব বক্সিঙৰ সর্বোচ্চ সংস্থা আইবাই ইস্তানবুলৰ জটিল ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰিছে ৷ আইবাৰ সভাপতি ওমৰ ক্রেমলেভে এক বিবৃতিত কৈছে যে বিশ্বৰ বিভিন্ন প্রান্তত মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱ পুনৰ বৃদ্ধি পোৱাত বহুকেইখন দেশে ইস্তানবুলত অনুষ্ঠিত হ’বলগীয়া বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশ লোৱাৰ ক্ষেত্রত জটিলতাৰ সন্মুখীন হৈছে ৷ সম্প্রতি ইস্তানবুলৰ ক’ভিড পৰিস্থিতি অতি জটিল৷ সেয়ে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ মার্চলৈ পিছুৱাই দিয়া হৈছে ৷

ইফালে টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপলৈ পোনপটীয়াকৈ যোগ্যতা অর্জন কৰা অসম কন্যা লাভলীনা বৰগোহাঁয়ে প্রতিযোগিতাখন স্থগিত হোৱাত ট্রায়েলত অৱতীর্ণ হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে ৷ ইয়াৰ পূর্বে ভাৰতীয় বক্সিং ফেডাৰেচনে লাভলীনাক বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ পোনপটীয়াকৈ যোগ্যতা অর্জনৰ সুযোগ দিয়াৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই অৰুন্ধতী চৌধাৰী নামৰ বক্সাৰগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ খেলুৱৈগৰাকীৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে ভাৰতীয় বক্সিং ফেডাৰেচনলৈ জাননী প্রেৰণ কৰিছে ৷