আজি বিশ্ব ইমোজী দিৱস

বৰ্তমানৰ ডিজিটেল পৃথিৱীখনত থাওকতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ সহজ মাধ্যম হৈছে ইমোজী(emoji) সমূহ। ১৯৯৯ চনত চিগেতাকা কুৰিতা নামৰ জাপানী অভিযন্তা এগৰাকীয়ে প্ৰথম ইমোজীৰ সৃষ্টি কৰে। ১৭৫ টা বিভিন্ন ইমোজী সৰ্ব প্ৰথম ব্যৱহৃত হৈছিল Yahoo messenger ত। ২০১০ চনৰ পৰা ম’বাইল অপাৰেটিং চিষ্টেমত emoji সংলগ্ন হোৱাৰ পাছত ই বিশ্বজুৰি সমাদৰ লাভ কৰে।
আজি হৈছে বিশ্ব ইমোজী দিৱস (World Emojis Day)। ২০১৪ চনৰ পৰা এই দিৱস emoji ভালপোৱা সকলে উদযাপন কৰি আহিছে।