World Day Against Child Labour: আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

ইন্টাৰনেশ্যনেল ডেস্ক, ১২ জুন : আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুন তাৰিখে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয়।
ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়। ২০০২ চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্য এই দিৱসৰ পাতনি মেলিছিল।
১৯৭৩ চনৰ বিশ্ব শ্ৰমিক সংস্থাৰ নিম্নতম বয়স সন্মিলনৰ দ্বাৰা প্ৰেৰিত হৈ এই দিৱসৰ সূচনা কৰা হৈছিল।ইয়াত কৰ্ম-সংস্থাপনৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল।ৰাষ্ট্ৰসংঘৰ বিশেষ শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে গোটেই বিশ্বত কৰ্মৰ লগত জড়িত বিষয় সমূহক নিয়ন্ত্ৰণ কৰে। ২০০২ চনত পোন-প্ৰথমবাৰৰ বাবে উদযাপিত হোৱা বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠন, স্থানীয় অনুষ্ঠান, আন্তৰ্জাতিক সংগঠন, কৰ্মচাৰী সংগঠন আৰু নাগৰিক সভাসমূহক শিশু শ্ৰমৰ বিৰুদ্ধে মাত মাতিবলৈ এক মঞ্চ আগবঢ়াইছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত শিশু শ্ৰমক চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কাৰ্যপন্থা আৰম্ভ হল।
আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিসংখ্যা মতে, গোটেই বিশ্বত কোটি কোটি শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত শিশু সকল উপযুক্ত শিক্ষা, স্বাস্থ্য, আৰাম আৰু ন্যূনতম স্বাধীনতা আদিৰ পৰা বঞ্চিত হৈ শিশু অধিকাৰ খৰ্ব হৈছে। ইয়াৰ আধা সংখ্যক শিশু আটাইতকৈ নিকৃষ্ট শিশু শ্ৰমৰ লগত জড়িত।
দুটা মাত্ৰ বৰ্ণৰ সমাহাৰ এটা আলফুলীয়া শব্দ হ’ল শিশু।কেচুৱা এটা ভূমিষ্ঠ হোৱাৰ পৰা ১৪ বছৰ বয়সৰ এই সময়ছোৱাক সাধাৰণতে শিশু কাল বোলা হয়।
আজিৰ শিশু কাইলৈ আমাৰ দেশৰ ভৱিষ্যত। শিশুসকলক সুস্থ, সবল আৰু উপযুক্ত নাগৰিক হিচাবে গঢ়ি তুলিবলৈ সৰু কালৰ পৰাই সিহঁতক সকলো ক্ষেত্ৰতে উপযুক্ত শিক্ষা দীক্ষা প্ৰদান কৰি সিহঁতৰ প্ৰতি যত্নবান হোৱা উচিত। কিন্তু সিহঁতৰ ল’ৰালিৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি জোৰকৈ শ্ৰমিক হিচাবে কামত নিয়োজিত কৰাকে শিশু শ্ৰমিক বোলা হয়।
শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ ফলত সিহঁত মানসিক আৰু শাৰীৰিক ভাৱে যথেষ্ট ক্ষতিগ্ৰস্থ হয়।অসমত সাধাৰণতে চাহ বাগানত, উদ্যোগ কিছুমানত, মানুহৰ ঘৰত,হোটেল ৰেষ্টুৰেন্টত,ৰেলৱে প্লেটফৰ্মত, ইটাভাটাত, চিমেন্ট বালি উদ্যোগত,পিঠিত গধূৰ বস্তা কঢ়িয়াই ফুটপাথৰ ডাষ্টবিনত পেলনীয়া বস্তু আদি বিচাৰি ফুৰা আদি বিভিন্ন ক্ষেত্ৰত শিশু শ্ৰমিক নিয়োজিত হৈ থকা দেখা যায়। পঢ়াশালিলৈ যোৱাৰ পৰিবৰ্তে পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লৈ এদল শিশুই অনিচ্ছাসত্বেও কাম কৰিবলৈ আগবাঢ়ি গৈছে।
১৯৭৯ চনত ভাৰত চৰকাৰে শিশু শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ গুৰুপদস্বামী নামেৰে প্ৰথমখন সমিতি গঠন কৰি দিছিল। গুৰুপদস্বামী কমিটিৰ পৰামৰ্শ অনুসৰি ১৯৮৬ চনত শিশু শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত কৰা হৈছিল।
এই আইনখনে কিছুমান বিপদজনক ব্যৱসায়ত শিশু শ্ৰমিক নিয়োগ কৰা নিষিদ্ধ কৰিছিল আৰু আন কিছুমান উদ্যোগত শিশু শ্ৰমিক নিযুক্তি নিয়ন্ত্ৰিত কৰিবলৈ নিয়ম বান্ধি দিছিল। এই আইনৰ অধীনত গঠিত “শিশু শ্ৰমিক কাৰিকৰী উপদেষ্টা কমিটি”ৰ অনুমোদন অনুসৰি শিশুৰ বাবে বিপদজনক আৰু ক্ষয়ংকাৰী জীৱিকাৰ তালিকাত সন্নিৱিষ্ট উদ্যোগ-ব্যৱসায়ৰ নাম বঢ়াই থকা হৈছে।
১৯৮৭ চনত ‘শিশু শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি’ নিদ্ধাৰণ কৰা হৈছিল। এই নীতিয়ে পোনতে বিপদজনক বৃত্তিত কৰ্ম্মৰত শিশুৰ বিকল্প পুৰ্নবাসৰ অৰ্থে অনুক্ৰমিক আৰু সময়ৰ সৈতে খাপখোৱা ব্যৱস্থা ল’বলৈ যত্ন কৰি আছে। তাৰ বাবে শিশু শ্ৰমিকৰ পিয়ল কৰা হৈছে।
লগতে পঢ়ক : BJP leader suspicious dead: এক নৃশংস হত্যাৰ বলি হ’ল বিজেপি কৰ্মী