Local, Vocal, Global

বকোত শালগছৰ কুন্দাসহ কাঠফলা মেচিন জব্দ

নিউজ ডেস্ক,২২ মাৰ্চঃ মঙ্গলবাৰে বকো থানা আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বাকাৰপাৰা গাঁৱত আৰক্ষীয়ে অবৈধ কাঠফলা মেচিন জব্দ কৰে ।

লগতে এই অভিযানত কেইবাটাও শালগছৰ কুন্দা আৰু ফলাকাঠ জব্দ কৰা হয়। বকো থানাৰ আৰক্ষী আৰু বন্দাপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ যৌথ অভিযানত এই কাঠসমূহ জব্দ কৰা হয়।

উল্লেখ্য যে, সেউজ বনাঞ্চল ধ্বংসকাৰীয়ে শালনীবাৰীৰ সমীপতে কাঠফলা মেচিন বহুৱাই লৈ শালবিৰীৰ গছ কাটি ধ্বংস কৰি আহিছিল। ইফালে আৰক্ষী আৰু বনবিভাগৰ অভিযানৰ কথা আগতীয়কাকৈ গম পাই বন ধ্বংসকাৰীয়ে পলাই পত্ৰং দিয়ে।