Watch | Women missing in Rangapara: ৰঙাপৰাত তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ

জামুগুৰিহাট: ৰঙাপৰাৰ এগৰাকী তিনি সন্তানৰ মাতৃ বিগত তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰঙাপৰা কাছাৰী গাঁৱ চাহ বাগিচাৰ ১১নং লাইনৰ কাশ্মিৰ ৰাজপুত ৰ পত্নী আৰতি ৰাজপুত ১৬ জুলাই অৰ্থাৎ যোৱা বুধবাৰে দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল যদিও বৰ্তমানলৈকে ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰিছে স্বামী কাশ্মিৰ ৰাজপুত ৷
বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰাৰ পাছতো কোনো খবৰ লাভ নকৰাত উপায়হীন হৈ স্বামী কাশ্মিৰ ৰাজপুতে ৰঙাপৰা আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে ৷
কোনো লোকে মহিলা গৰাকীৰ সন্ধান লাভ কৰিলে ৯৯৫৭১১২২২৯ নম্বৰ ফোনত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী কাশ্মিৰ ৰাজপুতে ৷
লগতে পঢ়ক: NEMSU Protest : চৰকাৰৰ বিৰুদ্ধে কলিয়াবৰ নেমছুৰ তীব্ৰ প্ৰতিবাদ