Local, Vocal, Global

অৰুণাচলত এগৰাকী বিবাহিতা মহিলাক কাপোৰ আঁতৰাই অপদস্থ…

অৰুণাচলত এগৰাকী বিবাহিতা মহিলাক গাঁওবাসীয়ে চুলি কাটি গাৰ কাপোৰ আঁতৰাই অপদস্থ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ – তেওঁ নিজৰ স্বামীক এৰি অন্য ব্যক্তিৰ লগত সম্পৰ্ক কৰিছিল। গাঁওবাসীয়ে ২৫ ছেপ্টেম্বৰৰ নিশা মহিলা গৰাকীৰ ওপৰত নিৰ্যাতন চলাইছিল।

এই ঘটনাটো অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ।মহিলা গৰাকীয়ে FIR দিয়াত আৰক্ষীয়ে ৩৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু তাৰে ১৫ গৰাকীক গ্ৰেপ্তাৰ কৰে।গ্ৰেপ্তাৰ কৰা ৮ গৰাকী মহিলা।
মহিলা গৰাকীৰ মতে তেওঁ স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি অন্য ব্যক্তিৰ লগত সম্পৰ্ক গঢ়িছিল।