বস্তাত ভৰাই মাটিত পুতি থোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল ডেস্ক:- এক চাঞ্চল্যকৰ হত্যাকাণ্ডই ঘটনাই জোকাৰি গ’ল গোৱালপাৰা জিলা।এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সূতাৰপাৰাৰ কঠালবাড়ীত । আৰজিনা বেগম নামৰ এগৰাকী বোৱাৰীক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বামী মহিবুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে। অতি পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে আৰজিনা বেগমক। প্ৰাপ্ত তথ্য মতে, শনিবাৰৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ থকা বোৱাৰী গৰাকীক হত্যা কৰা হৈছে বুলি সমগ্ৰ ঘটনাটো পিতৃ পৰিয়ালে মাটিয়া আৰক্ষীক অৱগত কৰাৰ পিছতে তৎপৰ হৈ দেওবাৰে নিশাই বোৱাৰী গৰাকীৰ শহুৰ দয়াৰ আলী, ভাই শহুৰ জাহিদুল ইছলাম আৰু দেওৰ কাজিমুদ্দিনক সোধা পোছাৰ বাবে মাটিয়া থানালৈ নিয়ে । ঘটনা সন্দৰ্ভত সোমাবাৰে পুৱাই গোৱালপাৰা সদৰৰ DSP অনুৰাগ শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ বিচাৰি বিভিন্ন স্থানত অভিযান চলাই অৱশেষত স্বামী পৰিয়ালৰ ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত বস্তাত ভৰাই মাটিত পুতি থোৱা অৱস্থাত বোৱাৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বোৱাৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে মাটিয়া আৰক্ষী থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।