সলনি হ’ল টুইটাৰৰ ল’গ’;টুইটাৰৰ ল’গত চৰাইৰ পৰিৱৰ্তে ডগি মিম…

ডিজিটেল ডেস্ক:- সলনি হ’ল টুইটাৰৰ ল’গ’।সোমবাৰে টুইটাৰত বিশ্ববাসীয়ে দেখা পালে নতুন ল’গ’।টুইটাৰৰ পৰা নীলা চৰাই আতৰাই ইলম মাস্কৰ সৌজন্যত স্থান পালে কুকুৰৰ ছবি।৩ এপ্ৰিলৰ পৰা এই ডগ মিমে টুইটাৰৰ পৰিচয় আগবঢ়াই নিব।সোমবাৰে নিশা টুইটাৰৰ একাউন্ট খুলি আচৰিত হৈ পৰে টুইটাৰ ব্যৱহাৰকাৰীসকলে।কাৰণ একাউন্টৰ মূৰৰ পৰা নোহোৱা হৈ পৰিল নীলা চৰাইটো।তাৰ ঠাইত আহিল কুকুৰৰ মিম।শ্বিবা ইনু প্ৰজাতিৰ কুকুৰটি হৈছে বিশ্ববিখ্যাত শ্বিবা ইনু।শ্বিবা ইনুৰ আচৰণৰ বাবে শেহতীয়াকৈ সৃষ্টি কৰা হৈছিল বিভিন্ন মীম।যাৰ বাবে পুনৰ চৰ্চাৰ শীৰ্ষত ইলন মাস্ক।
লক্ষণীয়ভাৱে, টুইটাৰৰ ম’বাইল এপত কোনো পৰিৱৰ্তন হোৱা নাই।এইটো উল্লেখ কৰা উচিত যে ডগি ছবিখন ডগেকইন ব্লকচেইন আৰু ক্ৰিপ্টোকাৰেন্সীৰ ল’গ’ হিচাপে সুপৰিচিত, যাক ২০১৩ চনত জনপ্ৰিয় হৈ পৰিছিল।
টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াই ২৬ মাৰ্চ, ২০২২ তাৰিখৰ স্ক্ৰীণশ্বট, তেওঁৰ আৰু বেনামী একাউণ্টৰ মাজত হোৱা কথোপকথনৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰিছিল য’ত পিছৰজনে চৰাইৰ ল’গ’টো “ডগ” লৈ সলনি কৰিবলৈ কৈছিল। টুইটাৰত এই পোষ্টটো শ্বেয়াৰ কৰি মাস্কে লিখিছে, “প্ৰতিশ্ৰুতি অনুসৰি।