Local, Vocal, Global

অসম ত্ৰিপুৰা সীমান্তত গাঞ্জাসহ মহিলাক আটক

নিউজ ডেস্ক,৫ মাৰ্চঃ কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত আৰক্ষীৰ অভিযানত জব্দ হয় বুজন পৰিমাণৰ গাঞ্জা। চাৰিগৰাকী মহিলা আৰু এগৰাকী যুৱতীয়ে ত্ৰিপুৰাৰ পৰা বিহাৰলৈ গাঞ্জাখিনি লৈ যায়। ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত ত্ৰিপুৰা পাৰ হৈ অসম প্ৰৱেশৰ সময়তে অসম আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় ৩২ কেজি গাঞ্জা। গাঞ্জাখিনিৰ বজাৰমূল্য ৩ লাখ ২০ হাজাৰ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আটক কৰা হৈছে গাঞ্জা সৰবৰাহকাৰীৰ দলটোৰ নেতৃত্ব দিয়া বিহাৰৰ পায়েল সিং আৰু ত্ৰিপুৰাৰ চাৰিগৰাকী মহিলাৰ লগতে এগৰাকী যুৱতী। বৰ্তমান আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।