Local, Vocal, Global

Woman Shot Dead In Manipur : স্কুলৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা

নেশ্যনেল ডেস্ক, ৬জুলাই : মণিপুৰত পুনৰ দুষ্কৃতিকাৰীৰ গুলীচালনা। এগৰাকী মহিলাক গুলীয়ালে দুৰ্বৃত্তই(Woman Shot Dead In Manipur)। বৃহস্পতিবাৰে মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ শিশু নিষ্ঠা নিকেতন বিদ্যালয়ৰ সমীপত এই ঘটনাটো সংঘটিত হয় ।গুলীবিদ্ধ মহিলা গৰাকীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই (Woman Shot Dead Outside School In Manipur Imphal West District) ।

উল্লেখ্য় যে, ৫ জুলাই অৰ্থাৎ বুধবাৰে সমগ্ৰ মণিপুৰত খোলা হৈছিল বিদ্যালয়সমূহ আৰু বিদ্যালয় খোলাৰ মাত্ৰ এদিন পিছতে সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। বিধ্বস্ত মণিপুৰত আপেক্ষিকভাৱে হিংসাত্মক পৰিস্থিতিত নিয়ন্ত্ৰণলৈ আহিছে যদিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক সংঘটিত হোৱাৰ ঘটনাৰ খবৰ পোৱা গৈছে।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পূৰ্বৰ এক বিবৃতি কোৱা হৈছিল যে, ৫ জুলাইৰ পৰা পুনৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব।মন কৰিবলগীয়া যে মে’ মাহত ৰাজ্যখনত সংঘটিত হোৱা জাতিগত সংঘৰ্ষৰ পিছতে দুমাহৰো অধিক সময় বিদ্যালয়সমূহ বন্ধ হৈ আছিল।

সংবাদমেলত বীৰেণ সিঙে জনোৱা মতে, চৰকাৰে অৰ্ধসামৰিক আৰু নিৰাপত্তা বাহিনীকো নিৰাপদ স্থানলৈ স্থানান্তৰণ কৰিবলৈ সিদ্ধন্ত লৈছে।

পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি মেইটেই আৰু কুকিৰ কৃষকসকলক নিৰাপত্তাৰ দিবলৈ ৰাজ্যিক বাহিনী সংগঠিত কৰা হৈছে যাতে কৃষি কাৰ্যকলাপ আৰম্ভ হ’ব পাৰে।লগতে পিটিআইয়ে প্ৰকাশ কৰে যে, পাহাৰ আৰু উপত্যকা জিলাৰ কাষত স্থাপন কৰা বাংকাৰসমূহ আঁতৰোৱা হ’ব আৰু ৰাজ্যৰ ইণ্টাৰনেট সেৱাৰ নিষেধাজ্ঞা অহা ১০ জুলাইলৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক : Supreme Court Collegium new Justice appointment : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি অসম সন্তান উজ্জ্বল ভূঞাক